📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

বৰগীত || Class 10 Assamese || MIL Assamese || Axom Help Desk

📅 December 27, 2025 ✍️ AXOM HELP DESK 🏷️ Axom Help Desk , Class 10 Assamese , Class 10 MIL Assamese , বৰগীত ,




বৰগীত

ৰাগঃ বসন্ত

শ্ৰীশ্ৰী মাধৱদেৱ  


ধ্ৰুং।। হৰি হেৰৰে বাপ পশিলো শৰণে ।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।।
পদ।। সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নপায় ।।
সহস্র বয়নে যাৰ নপাৱন্ত সীমা ।
অধমে জানিবো কেনে তোমাৰ মহিমা ।।
আতুৰ ভৈলোহো হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।।
তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিসে জীৱন ।।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ ।।
কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।
কহয় মাধৱ হৰি দাসকু দাস ।।



বৰগীতৰ লক্ষণ - 

১। বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।
২। বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।
৪। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।
৫। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্রিত হৈছে 


মু প্ৰশনৰ উত্তৰ দিয়া -

(ক) “....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।”
প্ৰশ্ন: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?

উত্তৰ- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান কৃষ্ণক অনুৰোধ কৰিছে ।

(খ) “সনক সনন্দ যোগী যাহাকু ধিয়ায়।”
প্ৰশ্ন: সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰ- সনক, সনন্দ আদি যোগীসকলে ভগৱান বিষ্ণু বা কৃষ্ণক ধ্যান কৰে বুলি কৈছে ।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ- কবিয়ে মোহ-পাশত আতুৰ হোৱা বুলি কৈছে ।

(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰ- আমাৰ পাঠ্য বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছে ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে ।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ- কবিয়ে ‘বান্ধৱ’ বুলি ভগৱান কৃষ্ণক সম্বোধন কৰিছে ।

(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰ- ‘মোহ-পাশ’ মানে সংসাৰৰ মায়া বা বন্ধন ।


ভাষা বিষয়ক -

1 .তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা

( নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয় )

পাৱন্ত — নাপায়

কেনে — কেনে ধৰণে / কেনেকুৱা

ভৈলোহো — হ’লো
তুমিসে — তুমিয়েই
জনেৰ — জনৰ
কহয় — কয়

 2 . ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

  1. ই এক কৃত্ৰিম সাহিত্যিক ভাষা।

  2. মৈথিলী, ব্ৰজভাষা আৰু অসমীয়াৰ সংমিশ্ৰণেৰে গঠিত।

  3. বৰগীতৰ ভাষা ব্ৰজাৱলী।

  4. বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক ।



© 2025 Axom Help Desk

***

🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All