জিকিৰ || Class 10 Assamese || MIL Assamese || Axom Help Desk

জিকিৰ

- অজান ফকিৰ





ঘোষা :

ৰহমৰ গিৰিহঁত      তুমি আল্লা চাহাব ঐ

       যদি কৰা দৰিয়াৰ পাৰ।।

চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।

ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।। 

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। 

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।

খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ। 

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।। 

মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। 

যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।

মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট। 

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

আচমানৰ কুটুব তৰা আদমৰ জাত।

সজাত মইনা আছে ঘনে লগায় মাত।।

সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।

দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।






১। চমু উত্তৰ দিয়া:


(ক) জিকিৰৰ ৰচক কোন ?

  • আজান ফকিৰ

(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে ?

  • উজনি অসমৰ লোকগীত যেনে টোকাৰী গীত, দেহবিচাৰ গীতৰ সুৰৰ সৈতে।


(গ) 'জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে ?

  • আৰবী 'জিকৰ' শব্দৰ পৰা, যাৰ অৰ্থ আল্লাহৰ নাম ঘনে ঘনে স্মৰণ কৰা ।


২। তলৰ শব্দবোৰৰ অৰ্থ লিখা

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।

 

শব্দ

অৰ্থ

ৰছুল

দেৱদূত

মোমিন

বিশ্বাসী মুছলমান

ৰহম

দয়া

কুটুব

ধ্ৰুৱ নক্ষত্ৰ

বান্দা

ভৃত্য





Coming Soon................ 





Post a Comment

Previous Post Next Post