📅 About Contact Privacy Policy Terms
📗 Latest Posts
All →

জিকিৰ || Class 10 Assamese || MIL Assamese || Axom Help Desk

📅 December 28, 2025 ✍️ AXOM HELP DESK 🏷️ Axom Help Desk , Class 10 Assamese , Class 10 MIL Assamese , জিকিৰ ,

জিকিৰ

- অজান ফকিৰ





ঘোষা :

ৰহমৰ গিৰিহঁত      তুমি আল্লা চাহাব ঐ

       যদি কৰা দৰিয়াৰ পাৰ।।

চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।

ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।। 

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত। 

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।

খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ। 

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ।। 

মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। 

যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।

মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট। 

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

আচমানৰ কুটুব তৰা আদমৰ জাত।

সজাত মইনা আছে ঘনে লগায় মাত।।

সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।

দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।






১। চমু উত্তৰ দিয়া:


(ক) জিকিৰৰ ৰচক কোন ?

  • আজান ফকিৰ

(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে ?

  • উজনি অসমৰ লোকগীত যেনে টোকাৰী গীত, দেহবিচাৰ গীতৰ সুৰৰ সৈতে।


(গ) 'জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে ?

  • আৰবী 'জিকৰ' শব্দৰ পৰা, যাৰ অৰ্থ আল্লাহৰ নাম ঘনে ঘনে স্মৰণ কৰা ।





২। তলৰ শব্দবোৰৰ অৰ্থ লিখা

ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।

 

শব্দ

অৰ্থ

ৰছুল

দেৱদূত

মোমিন

বিশ্বাসী মুছলমান

ৰহম

দয়া

কুটুব

ধ্ৰুৱ নক্ষত্ৰ

বান্দা

ভৃত্য





Axom Help Desk 




🙏 শ্ৰদ্ধাঞ্জলি / Tribute
🎤
জুবিন গাৰ্গ
১৯৭২ - ২০২৫
“অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ সৃষ্টিয়ে আমাৰ মনত সদায় সজীৱ হৈ থাকিব। তেওঁৰ গীত, কণ্ঠ আৰু চিন্তাধাৰাই অসমীয়াৰ আত্মাক স্পৰ্শ কৰিছে। অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদান চিৰস্মৰণীয়। শ্ৰদ্ধাৰে স্মৃতিচাৰণ জনালোঁ।”
🎵
ভূপেন হাজৰিকা
১৯২৬ - ২০১১
“অসমৰ সংগীত সম্ৰাট, ভূপেন হাজৰিকাই তেওঁৰ গীতৰ মাধ্যমেৰে মানৱতা, প্ৰকৃতি আৰু অসমীয়া জাতিৰ প্ৰাণৰ কথা কৈ গৈছে। তেওঁৰ সুৰ-ছন্দ চিৰ অম্লান।”
আমি কৃতজ্ঞতাৰে স্মৰণ কৰোঁ সকলো মহান ব্যক্তিত্বক।
📱 Follow Us
📅 Upcoming Exams
  • HSLC 2027Feb 2027
  • HS Final 2027Mar 2027
  • CBSE Class 10Feb 2027
  • CBSE Class 12Feb 2027
  • TET AssamTBA
🎓 Education For All