প্ৰশস্তি
ৰঘুনাথ ধাচৌৰী
কুঙ্কুঊষাৰম ৰাগে ৰঞ্জিলে বসুধা
নৱ কিশলয়দলে চাম
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্রেম-পৰিমল।
উঠে তৰু শিৰে শিৰে বন-ৰ ধুলাই
প্রকৃতিক আনিলে সাদৰি।
কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্রাণ টল্মল্,বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান-
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্রী।
মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান-
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।
দশোদিশ উদ্ভাসিত কৰি,
অতি চমু উত্তৰ-
(ক) চৌধাৰীক কি কবি বুলি জনা যায় ?
- ৰঘুনাথ কবি।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
- ‘সাদৰী’ আৰু ‘দহিকতৰা’।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
- নতুন কুঁহিপাতে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
- ৰবাব ফুলে।
(ঙ) জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে ?
- অন্তৰীক্ষত।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
- কীচক বেণু।
Coming Soon...............